গুৱাহাটী: বহু প্ৰতীক্ষাৰ অন্তত আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল। আজি ৰতিপুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে ফলাফল। ক'ৰণা ভাইৰাছৰ বাবে এইবছৰ ডিজিটেল পদ্ধতিৰে ঘোষণা কৰা হৈছে ফলাফলসমুহ।
এই বছৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭৮.২৮ শতাংশ, বিজ্ঞান শাখাত ৮৮.০৬ শতাংশ আৰু বাণিজ্য শাখাত ৮৮.১৮ শতাংশ।
কলা শাখাত ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰিলে দুগৰাকী শিক্ষাৰ্থীয়ে। দৰঙৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পূবালী ডেকা আৰু নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ শ্ৰদ্ধা বৰগোহাঁয়ে দখল কৰিছে শীৰ্ষস্থান। দুয়োগৰাকীয়ে মুঠ ৪৮১ নম্বৰকৈ লাভ কৰিছে।
বিজ্ঞান শাখাত শীৰ্ষস্থান অধিকাৰ কৰিলে বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই। অবিনাশে লাভ কৰিছে মুঠ ৪৮৬ নম্বৰ।
আনহাতে বাণিজ্য শাখাত শীৰ্ষস্থান দখল কৰিছে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ কৃষ্ণা মহেশ্বৰীয়ে। শিক্ষাৰ্থীগৰাকীয়ে লাভ কৰিছে মুঠ ৪৭১ নম্বৰ। (INDIAONLINE)