A part of Indiaonline network empowering local businesses
Chaitra Navratri

উত্তৰাখণ্ডত আজিৰে পৰা চাৰি ধাম যাত্ৰা আৰম্ভ

news

উত্তৰাখণ্ডত আজিৰে পৰা কোৱিড সম্পৰ্কীয় নীতি-নিয়মৰ মাজেৰে চাৰি ধাম যাত্ৰা আৰম্ভ হৈছে। চাৰি ধাম উন্নয়ন ব্যৱস্থাপনা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰবি নাথ ৰমনে কয় যে অইন ৰাজ্যৰ পৰা অহা তীৰ্থযাত্ৰীসকলে নিজৰ নাম পৰিষদৰ ৱেবছাইটত পঞ্জীয়ন কৰিব লাগিব।

ইয়াৰ লগতে তীৰ্থযাত্ৰীসকলে কোৱিড-19ৰ নিগেটিভ ৰিপোৰ্টৰ অথবা প্ৰতিষেধকৰ দুয়োপালি গ্ৰহণ কৰা প্ৰমাণ-পত্ৰ আনিব লাগিব। বদ্ৰীনাথৰ বাবে এহেজাৰ তীৰ্থযাত্ৰী, কেডাৰনাথৰ বাবে ৮০০, গংগোত্ৰীৰ বাবে ৬০০ আৰু যমুনোত্ৰীৰ বাবে ৪০০ তীৰ্থযাত্ৰীৰ দৈনিক সীমা নিৰ্দ্ধাৰণ কৰি দিয়া হৈছে। হেমকুণ্ড চাহিবৰ বাৰ্ষিক তীৰ্থযাত্ৰাও আজিৰে পৰা আৰম্ভ হৈছে। (AIR NEWS)

942 Days ago