A part of Indiaonline network empowering local businesses
Chaitra Navratri

উত্তৰ–পূৰ্বাঞ্চলত এহেজাৰটা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ মুকলি কৰিব আয়ুষ মন্ত্ৰ্যালয়ে

News

আয়ুষ মন্ত্ৰ্যালয়ে উত্তৰ–পূৰ্বাঞ্চলত এহেজাৰটা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ মুকলি কৰিব। গুৱাহাটীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় আয়ুষ আৰু জাহাজ চলাচল দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰে। শ্ৰীসোণোৱালে কয় যে আয়ুষ আৰু স্বাস্থ্য মন্ত্ৰ্যালয়ে কোৱিড পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰাৰ উদ্দেশ্যে একেলগে কাম কৰি আছে। কোৱিড-19 সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে আয়ুষ মন্ত্ৰ্যালয়ে ইতিমধ্যে পৰামৰ্শৱলী জাৰি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে, উত্তৰ–পূৰ্বাঞ্চলত ১০০খন আয়ুষ ঔষধালয় স্থাপন কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসোণোৱালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে যোগভ্যাসত গুৰুত্ব আৰোপ কৰে। (AIRNEWS)

830 Days ago