বায়ু সেনা বাহিনীৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল বিবেক ৰাম চৌধুৰীয়ে আজি কয় যে, ভাৰতে পাৰমাণৱিক ছত্ৰৰ সহায়ত আক্ৰমণাত্মক প্ৰতিৰক্ষাৰ নীতি গ্ৰহণ কৰি নিজৰ যুদ্ধ নীতিৰ পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে। নতুন দিল্লীত এক অনুষ্ঠানত ভাষণ দি এয়াৰ চিফ মাৰ্শ্বাল গৰাকীয়ে কয় যে, যুগৰ প্ৰয়োজনৰ সৈতে আগবাঢ়ি যাব পৰাকৈ অগ্ৰাধিকাৰৰ ভিত্তিক কৌশল গ্ৰহণ ক্ষেত্ৰৰ পৰা আক্ৰমণৰ সন্মুখীন হোৱাৰ সম্ভাৱনা পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত অধিক সতৰ্ক হৈ থকাটো প্ৰয়োজনীয় বুলিও তেওঁ লগতে মত প্ৰকাশ কৰে।
পাকিস্তানে ইয়াৰ কাশ্মীৰ কেন্দ্ৰীক কৌশল পৰিত্যাগ কৰাৰ সম্ভাৱনা নাই আৰু দেশখনে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা কাৰ্য অব্যাহত ৰখাটো স্পষ্ট হৈ পৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে। (AIRNEWS)