চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ে ১৭টা স্বৰ্ণ পদক, ১৯টাৰূপৰ পদক আৰু ১০টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৪৬ টা পদক লাভ কৰি চেম্পিয়নৰ খিতাপ দখল কৰে।সাৱিত্ৰী বাঈ ফুলে পুনে বিশ্ববিদ্যালয়ে দ্বিতীয় আৰু পাটিয়ালা পাঞ্জাৱী বিশ্ববিদ্যালয়ে তৃতীয় স্থানঅধিকাৰ কৰে। সাৱিত্ৰী বাঈ ফুলে পুনে বিশ্ববিদ্যালয়ে ১৭টা সোণ, ১১টা ৰূপ আৰু ৯টাব্ৰঞ্জৰ পদক সহ মুঠ ৩৭টা পদক লাভ কৰাৰবিপৰীতে পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ে ১৩টা সোণ, ৬টা ৰূপ আৰু ১৪টা ব্ৰঞ্জৰপদকেৰে মুঠ ৩৩টা পদক দখল কৰে। এই ক্ৰীড়া প্ৰতিযোগিতাত মুঠ ১১৩খন বিশ্ববিদ্যালয়েঅংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাৰ শেষৰ দিনা কালি ভাৰতৰ দ্ৰুততম মহিলা দ্বুতি ছান্দেকলিংগ উদ্যোগিক প্ৰযুক্তি প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰি ২৩ মিনিট ৬৬ ছেকেণ্ডত ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদকদখল কৰে। (AIR NEWS)