ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ ছিংগলছত সোণৰ পদক অৰ্জন কৰাৰ বাবে পি ভি সিন্ধুক অভিনন্দন জনাইছে। ভাৰতে আজি কমনৱেলথ গেমছৰ অন্তিম দিনা আৰু দুটা স্বৰ্ণ পদক জয় কৰে। পি ভি সিন্ধুৱে বেডমিণ্টনৰ মহিলাৰ ছিংগলছত কানাডাৰ মিছেল লীক পৰাস্ত কৰি দেশৰ হকে আজি প্ৰথমটো স্বৰ্ণ পদত হস্তগত কৰে। বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত লক্ষ্য সেনে মালয়েছিয়াৰ জে ইয়ং নঙক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। আনহাতে, বেডমিণ্টনৰ পুৰুষৰ ডাবলছ শাখাতো স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়। একেদৰে অছন্তা শৰত কমলে টেবুল টেনিছৰ পুৰুষৰ ছিংগলছৰ ফাইনেল জয়লাভ কৰি স্বৰ্ণ পদক লাভ কৰে। প্ৰতিযোগিতাত ভাৰতে ২২ টা সোণ, ১৫ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জ পদকসহ মুঠ ৫৯ টা পদক লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থানত আছে। (AIR NEWS)