শ্বাৰজাহত যোৱানিশা অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱালিফায়াৰ-২ত দিল্লী কেপিটেলছক পৰাস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰাৰ পাছত দিল্লী কেপিটেলছে শিখৰ ধাৱনৰ ৩৬ আৰু শ্ৰেয়াছ আয়াৰৰ অপৰাজিত ৩০ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৩৫ ৰান সংগ্ৰহ কৰে। কলকাতাৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে দুটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত কলকাতা দলে ১৯ অভাৰ আৰু ৫ টা বলত ৭ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। কলকাতাৰ হৈ অপেনাৰ ভেংকটেছ আয়াৰে ৫৫ আৰু শুভমন গিলে ৪৬ ৰান কৰে। খেলুৱৈ দুগৰাকীয়ে প্ৰথম উইকেটৰ যুটিত ৯৬ ৰান সংগ্ৰহ কৰি দলৰ স্থিতি সবল কৰি তোলে। দিল্লীৰ হৈ এনৰিছ নাৰ্টেজ, ৰবিচন্দ্ৰন আশ্বিন আৰু কাগিছো ৰবাডাৰ সুন্দৰ বলিঙৰ বাবে কলকাতা দল এটা সময়ত হেঁচাৰ সন্মুখীন হয় যদিও ৰাহুল ত্ৰিপাঠীয়ে খেলৰ অন্তিম অভাৰৰ পঞ্চমটো বলত ছিক্সাৰেৰে দলক তৃতীয়বাৰৰ বাবে প্ৰতিযোগিতাৰ ফাইনেলত উপনীত কৰোৱায়। কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত কাইলৈ ডুবাইত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব। (AIR NEWS)