A part of Indiaonline network empowering local businesses
Chaitra Navratri

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান।

News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ’ব মন কি বাত অনুষ্ঠানৰ ৮২ সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ বেৱছাইট www.newsonair.com তথা newsonair ম’বাইল এপত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ’ব। এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ সম্প্ৰচাৰ কৰিব। নিশা ৮ বজাত অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ পুনৰ সম্প্ৰচাৰ কৰা হ’ব। (AIR NEWS)

908 Days ago