আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত ভাৰতে আয়োজন কৰা ‘দিল্লী আঞ্চলিক নিৰাপত্তা বৈঠক’ কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা তথা নিৰাপত্তা উপদেষ্টা অজিত দোভালে অধ্যক্ষতা কৰিব। এই বৈঠকত ইৰাণ, কাজখস্তান, কিৰ্গিজ গণতন্ত্ৰ, ৰাছিয়া, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ভাৰতে পাকিস্তান আৰু চীনকো এই বৈঠকলৈ আমন্ত্ৰণ কৰিব। ভাৰতে পাকিস্তান আৰু চীনকো এই বৈঠকলৈ আমন্ত্ৰণ জনাইছিল যদিও দেশ ২খনে ইয়াত অংশগ্ৰহণ নকৰে বুলি জানিবলৈ দিছে। অৱশ্যে চীনে নিৰ্দিষ্ট কাৰণত বৈঠকত অংশগ্ৰহণ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিলেও আফগানিস্তানৰ প্ৰসংগত ভাৰতৰ সৈতে দ্বিপাক্ষিক অথবা বহু পাক্ষিক আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে দেশখন সাজু থকা বুলি জানিবলৈ দিছে। (AIRNEWS)