A part of Indiaonline network empowering local businesses
Chaitra Navratri

কাইলৈ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্রুজৰ শুভাৰম্ভ

News

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্রুজ অর্থাৎ নৌ বিহাৰৰ শুভাৰম্ভ কৰিব। অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথ আৰু কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ আহিবলগীয়া এম ভি গংগা বিলাস নামৰ অত্যাধুনিক জাহাজখনৰ ৫১ দিনীয়া এই নৌ যাত্ৰাত অংশগ্ৰহণৰ বাবে ছুইজাৰলেণ্ডৰ ৩৬ গৰাকী পৰ্যটক ইতিমধ্যে বাৰাণসীত উপস্থিত হৈছে। এই জাহাজখনে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ ২৮টা নদী প্ৰণালীৰ মাজেৰে সুদীৰ্ঘ ৩ হাজাৰ ২০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিব। জাহাজখন যাত্ৰাকালত ৫০টাৰো অধিক পর্যটনস্থলীত ৰ'ব। এই পর্যটনস্থলীসমূহত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। স্থানীয় প্রশাসনে এই অনুষ্ঠানৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। এই যাত্ৰাই ভাৰত-বাংলাদেশ উভয়কে বিশ্বৰ ৰিভাৰ ক্রুজ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিব। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নৌ যাত্ৰাৰ সন্দৰ্ভত কৈছে যে ইয়াৰ জৰিয়তে কর্মসংস্থান সৃষ্টিতো বিশেষ সহায় লাভ কৰা হ'ব। তদুপৰি দেশৰ পৰ্যটন খণ্ডৰ বিকাশ আৰু উন্নয়নৰ দিশটো ই অৰিহণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভার্চুৱেল ব্যৱস্থাৰে সাগৰীয় দক্ষতা বিকাশ কেন্দ্ৰ গুৱাহাটীৰ উদ্বোধন কৰিব। গুৱাহাটীৰ পাণ্ডু বন্দৰত কাইলৈ আয়োজন কৰা এখন সভাত পাণ্ডু জাহাজ মেৰামতি আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পাণ্ডু টার্মিনেল সংযোগী ওখকৈ বন্ধা পথৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ আৰু পৰ্যটন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছু নায়ক আৰু সাংসদ কুইন ওজা উপস্থিত থাকিব।
দক্ষতা বিকাশ, নিয়োগ তথা উদ্যমশীলতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৈছে যে সাগৰমালা আঁচনিৰ অধীনত ব্ৰহ্মপুত্ৰৰ পাৰৰ ৫খন তীৰ্থস্থানক নদী ক্রুজ সেৱাৰে সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰে ভিতৰত কামাখ্যা, দৌলগোবিন্দ, অশ্বক্লান্ত, উমানন্দ আৰু পাণ্ডুনাথ মন্দিৰো আছে। আজি দুপৰীয়া অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্ত সম্পর্কে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ কয় যে তীর্থযাত্রীসকলে আধাঘণ্টাৰ ব্যৱধানত এটাৰ পৰা আনটো মন্দিৰলৈ যাব পাৰিব। ইয়াৰ বাবে ৫ মিনিটৰ মূৰত ফেৰী চলাচল কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। শ্ৰী বৰুৱাই দক্ষতা শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰ জৰিয়তে বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাক সম সমমর্যাদা দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে। (AIR NEWS)

461 Days ago