গুৱাহাটী মহানগৰী আৰু কামৰূপ মহানগৰ জিলাত আজি ষষ্ঠ দিনৰ বাবে কটকটীয়া ভাৱে সম্পূৰ্ণ লকডাউন অব্যাহত আছে। এই বিগত দিনকেইটাত কেতবোৰ অঞ্চলত দুই এজন লোকে লকডাউন ভংগ কৰাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসনে তেনেলোকক গ্ৰেপ্তাৰ কৰাৰ উপৰিও কেইবাখনো বাহন ইতিমধ্যে জব্দ কৰিছে। গুৱাহাটীৰ কেতবোৰ অঞ্চলত মাৰাত্মক ভাৱে সমূহীয়া সংক্ৰমণ বৃদ্ধি পাই থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি বিভিন্ন ঠাইত ঘৰৰ পৰা যাতে যিকোনো লোক বিনা কাৰণত ৰাস্তাঘাটলৈ ওলাব নোৱাৰে তাৰ বাবে আৰক্ষীৰ লগতে অতিৰিক্ত নিৰাপত্তা বাহিনী আৰু ড্ৰোন ব্যৱস্থাৰো সহায় লৈছে।
ইপিনে ধেমাজি জিলাৰ গোগামুখত অহা ৯ জুলাই পৰ্যন্ত প্ৰশাসনে সম্পূৰ্ণ লকডাউন বলবৎ কৰিছে। বিগত তিনি-চাৰিদিনত গোগামুখ অঞ্চলত বহু সংখ্যক লোক আক্ৰান্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গণসংক্ৰমণ যাতে অধিক বিয়পিব নোৱাৰে তাৰ বাবে প্ৰশাসনে কঠোৰ ৰূপত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে আৰু এনে লকডাউন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লব বুলি সকীয়াই দিছে।
ইপিনে ৰাজ্যৰ প্ৰায়বোৰ নগৰ আৰু পৌৰ এলেকাত আজি অৰ্থাৎ প্ৰতি সপ্তাহৰ শনি আৰু দেওবাৰৰ দিনটোত চৰকাৰৰ নিৰ্দেশ অনুযায়ী সম্পূৰ্ণ লকডাউন অব্যাহত আছে। আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাই জনোৱা মতে নগৰ আৰু পৌৰ এলেকাসমূহত আৰক্ষীয়ে ৰাস্তাঘাটত তালাচী বঢ়াই তুলিছে যাতে ক’ৰ’ণা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ অধীনত কোনো লোকে লকডাউন ভংগ কৰি বিনাকাৰণত ৰাস্তালৈ ওলাই বা অনাইবনাই ঘূৰি নুফুৰে। প্ৰশাসনে সকলোকে এই সংয়চোৱাত ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান জনাইছে। (AIR NEWS)