কিংবদন্তি ফুটবল খেলুৱৈ আৰ্জেণ্টিনাৰ ডিয়েগো মাৰাডোনাৰ কালি হৃদৰোগত আকান্ত হৈ দেহাৱসান ঘটে। ৬০ বছৰীয়া ফুটবল তাৰাকাগৰাকী চলিত মাহৰ আৰম্ভণিতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সঘনাই ভাগৰ অনুভৱ কৰি থকাৰ বাবেই তেওঁক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হৈছিল। চিকিৎসালয়ত কৰা পৰীক্ষাত তেওঁৰ মগজুত ৰক্ত জমা হৈ থকাৰ কথা পোহৰলৈ আহিছিল যদিও পিছত চিকিৎসকে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। ইয়াৰ পাছত মাৰাডোনাক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল যদিও কালি পুৱতি নিশা তেওঁ হৃদৰোগত আক্ৰান্ত হয় আৰু চিকিৎসৰ সকলো প্ৰচেষ্টা বিফল হয়। কিংবদন্তি ফুটবল খেলুৱৈগৰাকীয়ে ১৬ বছৰ বয়সতে খেলুৱৈ জীৱনৰ আৰম্ভ কৰিছিল আৰু পাছলৈ ফুটবলৰ সৰ্বশ্ৰেষ্ট খেলুৱৈ হিচাপে খ্যাতি অৰ্জন কৰিছে। খেলুৱৈ হিচাপে মাৰাডোনাই ব’কা জুনিয়ৰ, বাৰ্চিলোনা, নাপ’লি, চেৱিল্লা আৰু নিউৱেলছ অল্ড বয়জক প্ৰতিনিধিত্ব কৰিছে। মাৰাডোনাই ১৯৮৬ চনত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ খিতাপ দখল কৰা আৰ্জেন্টিনা দলটোৰ নেতৃত্ব বহন কৰিছিল। ইয়াৰ লগতে মাৰাডোনাই ৰেচিং ক্লাৱ, ডৰাডোজ, জিমনেজিয়া আৰু আৰ্জেন্টিনা ৰাষ্ট্ৰীয় দলক প্ৰশিক্ষণ প্ৰদান কৰিছিল। তাৰকা ফুটবলাৰগৰাকীৰ বিয়োগত আৰ্জেন্টিনাত তিনিদিনীয়া শোক পালনৰ ঘোষণা কৰা হৈছে। আৰ্জেন্টিনাৰ ষ্টাইকাৰ লিয়নেল মেছিয়ে কৈছে যে বিশ্বকাপ বিজয়ী মাৰাডোনা চিৰকালৰ বাবে সকলোৰে হৃদয়ত থাকিব। মাৰাডোনাৰ বিয়োগ বিশ্বৰ ক্ৰীড়া জগতখনৰ বাবে এটা অত্যন্ত দুখৰ দিন বুলি তেওঁ লগতে মন্তব্য কৰিছে। (AIR NEWS)