A part of Indiaonline network empowering local businesses
Chaitra Navratri

কেন্দ্ৰীয় চৰকাৰে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ আৰু হ্ৰাসৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে

news

কেন্দ্ৰীয় চৰকাৰে দেশত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ আৰু হ্ৰাসৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় পৰিৱেশ আৰু বনমন্ত্ৰী ভূপিন্দৰ যাদৱে আজি লোকসভাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু সংলগ্ন অঞ্চলত বায়ুৰ মান ব্যৱস্থাপনা আইন-২০২১ৰ সমস্যাসমূহ আঁতৰ কৰি সমগ্ৰ অঞ্চলটোত বায়ু প্ৰদূষণ হ্ৰাসৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এটা প্ৰশ্নৰ উত্তৰত শ্ৰীযাদৱে কয় যে, চৰকাৰে সমগ্ৰ দেশতে বায়ু প্ৰদূষণৰ পৰিমাণ হ্ৰাস কৰাৰ ব্যৱস্থা হিচাপে ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচী মুকলি কৰিছে। শ্ৰীযাদৱে কয় যে, এই কাৰ্যসূচীৰ অধীনত নথকা মহানগৰসমূহৰ বাবে ৩৭৫ কোটিৰো অধিক টকা আৱণ্টন দিয়া হৈছে। এই কাৰ্যসূচীৰ কাম-কাজ পৰ্যৱেক্ষণৰ বাবে প্ৰানা শীৰ্ষক এটা পৰ্টেলো মুকলি কৰা হৈছে বুলি মন্ত্ৰী শ্ৰীযাদৱে সদনত জনায়। (AIRNEWS)

872 Days ago