A part of Indiaonline network empowering local businesses
Chaitra Navratri

কেন্দ্ৰীয় চৰকাৰৰ নিউ ডেভলেপমেণ্ট বেংকৰ সৈতে ১০০ কোটি ডলাৰ ঋণৰ চুক্তিত স্বাক্ষৰ

news

কেন্দ্ৰীয় চৰকাৰে আত্মনিৰ্ভৰ অভিযান ৰূপায়নত সহায় হোৱাকৈ নিউ ডেভলেপমেণ্ট বেংকৰ সৈতে ১০০ কোটি ডলাৰৰ এখন ঋণৰ চুক্তিত স্বাক্ষৰ কৰিছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এম জি এনৰেগা আঁচনিৰ দ্বাৰা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এই চুক্তিয়ে সহায় কৰিব। আনহাতে কোৱিড-১৯ মহামাৰীৰ ফলত অৰ্থনীতিৰ ওপৰত পৰা প্ৰতিকূল প্ৰভাৱ হ্ৰাস কৰি স্থিতাৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰতো এই চুক্তিয়ে চৰকাৰক সহায় কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। (AIR NEWS)

1218 Days ago