গুৱাহাটী: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমবাসী। ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে আজি বিয়লি জোঁৰ সমদল আয়োজন কৰে কটনিয়ানে।
উল্লেখযোগ্য যে কেবৰ বিৰুদ্ধে পূৰ্বৰে পৰাই মাত মাতি আহিছে কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে।
এই সমদলত সকলোকে ভাগ লবলৈ আহ্বান জনাই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে সংবাদ মাধ্যমক কয় যে “কেব বাতিল হ’ব লাগে। ৩০ নৱেম্বৰ তাৰিখে কটনিয়ানে কেবৰ বিৰুদ্ধে এটা জোৰ সমদল উলিয়াইছে, কেবৰ বিৰুদ্ধে মাত মাতিব তেওঁলোকে, মইও আছোঁ লগত। আপোনালোকেও যোগদান কৰক।”
ইতিমধ্যে শীতাকলীন অধিৱেশনৰ পূৰ্বতেই বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেব ৰাজ্যত প্ৰণয়ন হ’ব বুলি ঘোষণা কৰিছিল। আনহাতে আজি এক টুইটযোগে মন্ত্ৰীগৰাকীয়ে জনায় যে কেব সন্দৰ্ভত অসম, মেঘালয়, অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিৰ সৈতে আজি চৰ্চা কৰা হ’ব। অচিৰেই দেশত কেব প্ৰণয়ন কৰা হ’ব। এই প্ৰক্ৰিয়া সঠিক দিশতেই আগবাঢ়ি গৈ আছে। (INDIA ONLINE)