A part of Indiaonline network empowering local businesses
Chaitra Navratri

কোৱিদ-19 অতিমাৰীৰ পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰত জৰুৰী অৱস্থা ঘোষণা

news

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ তথা কোৱিদ-19 অতিমাৰীৰ পৰিপ্ৰেক্ষিতত দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছে । দ্ৰুত গতিত সংক্ৰমণ হোৱা এই মহামাৰী ৰোধৰ বাবে ৫ হাজাৰ কোটি আমেৰিকান ডলাৰ মুকলি কৰি দিয়া হৈছে । এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণে বিশ্বত সম্প্ৰতি আতংকৰ সৃষ্টি কৰিছে । ইউৰোপত বিশ্ব স্বাস্থ্য সংস্থাই অতিমাৰীৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰাৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰত এই ভাইৰাছৰ সংক্ৰমণত ৪১গৰাকী লোকৰ মৃত্যু হৈছে আৰু দেশখনৰ মুঠ ৫০খন প্ৰদেশৰ ৪৬খনতে এই ভাইৰাছৰ সংক্ৰমণ হৈছে । দেশখনত প্ৰায় দুহাজাৰ লোকৰ শৰীৰত এই ভাইৰাছ ধৰা পেলোৱা হৈছে । ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিখন প্ৰদেশকে তাৎক্ষণিকভাৱে জৰুৰীকালীন চিকিৎসা কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিছে । তেওঁ কয় যে নাগৰিকসকলক যিকোনো মুহূৰ্ততে চিকিৎসা সাহায্য দিবৰ বাবে চিকিৎসালয়সমূহৰ জৰুৰীকালীন বিভাগ সক্ৰিয় থকাৰ নিৰ্দেশ দিয়া হৈছে । (AIR NEWS)

1497 Days ago