A part of Indiaonline network empowering local businesses
Chaitra Navratri

কোৱিড প্ৰতিষেধকৰ বুষ্টাৰ ড’জ প্ৰদানৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা আৰম্ভ

news

স্বাস্থ্য কৰ্মী, আগশাৰীৰ কৰ্মী আৰু অন্যৰোগত আক্ৰান্ত ৬০ বছৰ উৰ্ধৰ ব্যক্তিসকলক বুষ্টাৰ ড’জ অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে কোৱিড প্ৰতিষেধকৰ অতিৰিক্ত পালি প্ৰদানৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ’ব। কেন্দ্ৰীয় চৰকাৰে বুষ্টাৰ ড’জ গ্ৰহণ কৰাৰ বাবে নতুনকৈ নাম পঞ্জীয়নৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ইতিমধ্যে নিয়মাৱলী জাৰি কৰিছে। ইতিমধ্যে কোৱিড প্ৰতিষেধকৰ দুয়োপালি গ্ৰহণ কৰা যোগ্য লোকসকলে আগতীয়াকৈ সময় লৈ অথবা পোনে পোনে কোৱিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ গৈ বুষ্টাৰ ড’জ গ্ৰহণ কৰিব পাৰিব। বুষ্টাৰ ড’জৰ বাবে অনলাইন যোগে এপইণ্টমেণ্ট লোৱাৰ প্ৰক্ৰিয়া শনিবাৰে আৰম্ভ হৈছে। নিৰ্বাচনী কামত নিয়োজিত লোকসকলক আগশাৰীৰ কৰ্মী ৰূপে গণ্য কৰা হ’ব আৰু তেওঁলোককো কাইলৈৰ পৰা বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব।
কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৈছে যে বুষ্টাৰ ড’জৰ বাবে যোগ্য হিতাধীকাৰীসকলে পূৰ্বতে যি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক তৃতীয় পালি হিচাপে একেই প্ৰতিষেধক প্ৰদান কৰা হ’ব।
ইয়াৰ পূৰ্বে চৰকাৰে ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ কিশোৰীসকলৰ বাবে প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰিছিল। (AIRNEWS)

830 Days ago