কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কৈছে যে দেশত উদ্ভৱ হোৱা কোৱিড পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে কঠোৰভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু এই ক্ষেত্ৰত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ক’ৰ’না মহামাৰীৰ দ্বিতীয়টো ঢৌৰ সন্মুখীন হোৱাৰ বাবে কেন্দ্ৰৰ প্ৰস্তুতি সন্দৰ্ভত উত্থাপিত বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বছৰৰ জানুৱাৰী মাহত, যি সময়ত দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা যথেষ্ট কম আছিল তেতিয়াও চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নাছিল। তেওঁ দৃঢ়তাৰে কয় যে কেৰালাত কোৱিডৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে, যোৱা জানুৱাৰীত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এটা দলক ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁ লগতে কয় যে ৰাজ্যসমূহৰ বিষয়বস্তু হোৱা সত্বেও কেন্দ্ৰীয় চৰকাৰৰ কোৱিড ব্যৱস্থাপনা কেৱল পৰামৰ্শ আৰু নিয়মাৱলী জাৰি কৰাতেই সীমাবদ্ধ নাছিল। কেন্দ্ৰই কোৱিড মহামাৰীৰ বিৰুদ্ধে ৰাজ্যসমূহে কেনেদৰে প্ৰস্তুতি চলাইছিল সেই বিষয়টো পৰ্যবেক্ষণ কৰাৰ লগতে ৰাজ্যসমূহক সহায় আগবঢ়োৱাৰ বাবে কেন্দ্ৰই উচ্চ পৰ্যায়ৰ পৰ্যবেক্ষক দল নিয়োগ কৰিছিল। শ্ৰীজাভ্ৰেকাৰে কয় যোৱা বছৰৰ ছেপ্তেম্বৰৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ বিষয়া আৰু ৰাজহুৱা স্বাস্থ্য বিশেষজ্ঞ সম্বলিত ৭৫ টাতকৈও অধিক উচ্চ পৰ্যায়ৰ দল নিয়োগ কৰা হৈছিল। তেওঁ লগতে প্ৰকাশ কৰে যে স্থানীয় প্ৰশাসনসমূহক ক’ৰ’না মহামাৰীৰ দ্বিতীয়টো ঢৌ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ বাবে মাৰ্চৰ শেষ ভাগৰ পৰা এপ্ৰিলৰ মাজভাগলৈ দেশখনৰ বিভিন্ন জিলাত ২০০ টাতকৈও অধিক স্বাস্থ্যকৰ্মীৰ দল প্ৰেৰণ কৰা হৈছে। (AIR NEWS)