ভাৰতত থলুৱাভাৱে তৈয়াৰ কৰা কোৱিড-১৯ৰ প্ৰতিষেধক কোভাক্সিনে ডাবল মিউটেণ্ট অথবা ৬১৭ প্ৰকাৰৰ ক’ৰ’না ভাইৰাছক নিষ্ক্ৰয় কৰে বুলি হোৱাইট হাউছৰ মুখ্য চিকিৎসা পৰামৰ্শদাতা আৰু আমেৰিকাৰ শীৰ্ষ মহামাৰী বিশেষজ্ঞ ডাঃ এন্থনী ফৌছিয়ে উল্লেখ কৰিছে। কোভাক্সিন ডাবল মিউটেণ্ট ভাইৰাছৰ বিৰুদ্ধে প্ৰভাৱশালী বুলি কালি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ঘোষণা কৰাৰ পাছত এই বিবৃতি প্ৰকাশ কৰা হৈছে। ডাঃ ফৌছিয়ে কৈছে যে ভাৰতৰ বৰ্তমানৰ অৱস্থাত এই প্ৰতিষেধক অতি বেছি দৰকাৰী।
ভাৰত বায়টেকে নেছনেল ইন্সটিটিউট অব ভাইৰলজি আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত প্ৰস্তুত কৰা এই কোভাক্সিন প্ৰতিষেধকক ৩ জানুৱাৰীত জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন দিয়া হৈছিল। এই প্ৰতিষেধক ৭৮ শতাংশ সফল বুলি পৰীক্ষণৰ ফলাফল প্ৰকাশ কৰিছে। (AIR NEWS)