A part of Indiaonline network empowering local businesses
Chaitra Navratri

ক'ৰণাত আক্ৰান্ত ৰঞ্জন দৈমাৰী

news

গুৱাহাটী: গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ অব্যাহত আছে ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত শুকুৰবাৰে ৰঞ্জন দৈমাৰী আক্ৰান্ত হয় ক'ৰণা ভাইৰাছত। 

এন ডি এফ বিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰী ২০০৮ৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত দোষী সাব্যস্ত হৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল। 

ৰঞ্জন দৈমাৰী ক'ভিড–১৯ত আক্ৰান্ত হোৱাৰ কথা কাৰাগাৰ কৰ্তৃপক্ষই পৰিয়ালক জনোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে৷ “পৰিয়ালক খবৰ দিব লাগে৷ কিয় নিদিলে সেয়া ৰহস্যজনক৷ এবাৰ ফোনত খবৰ ল'বলৈ ব্যৱস্থা কৰিব লাগিছিল৷ এয়া অতি দুৰ্ভাগ্যজনক,” দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীয়ে ক্ষোভ প্ৰকাশ কৰি এই কথা জনায়। 

উল্লেখযোগ্য যে বিগত চাৰি এপ্ৰিলতে কাৰাগাৰত বন্দী একাংশৰ ক'ভিড–১৯ৰ পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ ফলাফল কালি আহে৷  (INDIAONLINE)

1378 Days ago