A part of Indiaonline network empowering local businesses
Chaitra Navratri

খেল ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ শীৰ্ষ স্থানত মহাৰাষ্ট্ৰ

news

খেল ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱত মহাৰাষ্ট্ৰই ৩৭ টা সোাণ, ৩৪ টা ৰূপ আৰু ২৯ টা ব্ৰঞ্জসহ মুঠ ১০০ টা পদকেৰে তালিকাৰ শীৰ্ষ স্থানত উপনীত হৈছে। হাৰিয়ানাই ৩৬ টা সোণ, ৩৩ টা ৰূপ আৰু ৩৯ টা ব্ৰঞ্জৰ পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ দ্বিতীয় স্থানত আছে। আনহাতে, কৰ্ণাটকে ২১ টা সোণ, ১৩ টা ৰূপ আৰু ১৮ টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে। প্ৰতিযোগিতাৰ পদক তালিকাৰ চতুৰ্থ স্থানত থকা মণিপুৰে এতিয়ালৈকে ১৬ টা সোণ, ৩ টা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। ইপিনে, কেৰালাই ১৩ টা সোণ, ১৪ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জসহ পদক তালিকাৰ পঞ্চম স্থান অধিকাৰ কৰিছে। তামিলনাডুৱে ১২ টা সোণ, ১২ টা ৰূপ আৰু ১৮ টা ব্ৰঞ্জৰ পদক লাভ কৰি সপ্তম স্থানলৈ অৱনমিত হোৱাৰ বিপৰীতে দিল্লীয়ে ১০ টা সোণ, ১১ টা ৰূপ আৰু ৩৪ টা ব্ৰঞ্জ পদকেৰে তালিকাৰ অষ্টম স্থানত আছে। (IMPUT FROM AIR )

673 Days ago