A part of Indiaonline network empowering local businesses
Chaitra Navratri

গাঁওসমূহক সুৰক্ষিত কৰিব নোৱাৰিলে সীমান্ত কেতিয়াও নিৰাপদ কৰিব পৰা নাযাবঃ অমিত শ্বাহ

News

গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সীমান্তৰ নিৰাপত্তাই নৰেন্দ্ৰ মোদী চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় বুলি মতপ্ৰকাশ কৰি কৈছে যে, গাঁওসমূহক সুৰক্ষিত কৰিব নোৱাৰিলে সীমান্ত কেতিয়াও নিৰাপদ কৰিব পৰা নাযাব। নতুন দিল্লীত কালি ভাইব্রেণ্ট ভিলেইজ প্রগ্রেম শীর্ষক এখন কর্মশালা উদ্বোধন কৰি শ্ৰী শ্বাহে কয় যে, বিকশিত ভাইব্লেণ্ট ভিলেইজৰ জৰিয়তে দেশৰ সীমান্ত অধিক নিৰাপদ আৰু শক্তিশালী হৈ উঠিব। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্তৱৰ্তী প্রতিখন গাঁৱে যাতে সকলোধৰণৰ সা-সুবিধা লাভ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি ভাইব্ৰেণ্ট ভিলেইজ কাৰ্যসূচী আৰম্ভ কৰিছিল। ২০১৪ চনৰে পৰা প্ৰধানমন্ত্ৰীয়ে সীমান্তৰ গাঁওসমূহৰ জনসাধাৰণৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণৰ দৰে ব্যৱস্থা গ্ৰহণ কৰি সীমান্তৰ আন্তঃগাঁথনি উন্নীতকৰণৰ প্ৰয়াস কৰিছে বুলি শ্ৰী শ্বাহে লগতে প্ৰকাশ কৰে। তেওঁ লগতে সীমান্তৰ গাঁওসমূহৰ পৰা প্ৰব্ৰজন ৰোধ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী মুকলি কৰা হৈছিল বুলিও কয়। গৃহমন্ত্ৰীগৰাকীয়ে সীমান্তৰ গাঁওসমূহক দেশৰ অন্তিমখন গাঁৱৰ পৰিৱৰ্তে প্ৰথমখন গাঁও বুলিহে মন্তব্য কৰে। সীমান্তৱৰ্তী জিলাসমূহৰ জিলা অধিকাৰীসকলক পৰ্যটন, কৃষি, হস্তশিল্প আৰু সমবায় আদি খণ্ডৰ প্ৰাথমিক সা-সুবিধাসমূহ বৃদ্ধি কৰাৰ বাবেও আহ্বান জনায়। ভাইব্ৰেণ্ট ভিলেইজ কাৰ্যসূচীৰ জৰিয়তে গাঁওসমূহত সমবায়ৰ জৰিয়তে নিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলিও শ্ৰী শ্বাহে প্ৰকাশ কৰে। (AIR NEWS)

329 Days ago