A part of Indiaonline network empowering local businesses
Chaitra Navratri

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ব্ৰহ্মপুত্ৰৰ ওপৰত ৰ’পৱে সেৱা মুকলি

News

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দেশৰ ভিতৰতে আটাইতকৈ দীঘল নদী ৰজ্জুপথ অৰ্থাৎ ৰ’পৱে সেৱা আজি মুকলি কৰা হয়। দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱে আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ স্বাস্থ্য, শিক্ষা, বিত্ত তথা গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এহেজাৰ ৮২০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৱে হ’ল নদীৰ ওপৰত নিৰ্মাণ কৰা দেশৰ ভিতৰত দীৰ্ঘতম ৰ’পৱে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱে পাৰ হ’বলৈ মাত্ৰ ৭ মিনিট সময়ৰ প্ৰয়োজন হ’ব। ইয়াৰ জৰিয়তে এবাৰত ৩৫ জন যাত্ৰী পাৰ হ’ব পাৰিব। ৰ’পৱেৰ জৰিয়তে পাৰ হোৱা যাত্ৰীসকলে এবাৰত ষাঠি টকা ব্যয় কৰিব লাগিব। ইয়াৰ বিপৰীতে অহা-যোৱা কৰিলে এজন যাত্ৰীয়ে এশ টকা ভৰিব লাগিব। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ৰ’পৱেত চি চি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে বুলি গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ এই ৰ’পৱে অৰ্থাৎ ৰজ্জুপথ ব্যৱস্থাই কামৰূপ জিলাৰ লগতে অসম তথা ৰাজ্যৰ জনসাধাৰণক উপকৃত কৰাৰ লগতে পৰ্যটন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱাৰ সম্ভাৱনা আছে। (AIR NEWS)

1332 Days ago