A part of Indiaonline network empowering local businesses
Chaitra Navratri

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিল

news

গুৱাহাটী: লোকসভাত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ পিছত পুনৰ ছাত্ৰ আন্দোলনত নামি পৰিছে ৰাজ্যৰ ছাত্ৰ সমাজ। অহা ডিচেম্বৰৰ ১০ তাৰিখে হ'ব লগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ পৰীক্ষা  পিছুৱাই দিয়া হৈছে।

ডিচেম্বৰৰ ১০ তাৰিখে অনুষ্ঠিত হ’বলগীয়া গুৱহাটী বিশ্ববিদ্যালয়ৰ কলা-আইন-বিজ্ঞানৰ স্নাতক, স্নাতকোত্তৰ, আইন আদি  পৰীক্ষাসমূহ পৰীক্ষা পিছুৱাই দিয়া হৈছে। পৰীক্ষা নিৰিক্ষক ডি. জে চৌধুৰীৰ স্বাক্ষৰ সম্বলিত এক বাৰ্তা যোগে এই বাতৰি প্ৰকাশ। পৰৱৰ্তী পৰীক্ষাৰ সময় পিছলৈ নতুনকৈ প্ৰকাশ কৰা হ’ব বুলি জনায় পৰীক্ষা নীৰিক্ষকে।

উল্লেখযোগ্য যে ২৯৩ গৰাকী সদস্যই বিধেয়কখনৰ সপক্ষে সন্মতি জনায় আনহাতে ৮২ গৰাকী বিৰোধীয়ে বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰে। (INDIA ONLINE)

1592 Days ago