গুৱাহাটী: সমগ্ৰ দেশতে নিতৌ বৃদ্ধি হৈ আছে কৰ’ণা আক্ৰান্তৰ সংখ্যা। সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন জিলাত ৰ্দৈনিক বৃদ্ধি পাইছে পজিটিভ লোকৰ সংখ্যা। ইয়াৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো দিনে দিনে বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
গুৱাহাটী মহানগৰীত কৰ’ণা পজিটিভৰ সংখ্যা বৃদ্ধি পোৱা বাবে ২৯ জুনৰ পৰা সম্পূৰ্ণ তলাবন্ধৰ ঘোষণা কৰিছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ১৪ দিনীয়া এই তলাবন্ধৰ সময়ছোৱাত আজিৰে পৰা ১২ জুলাইলৈ প্ৰশাসনে ঘোষণা কৰিছে আনলক। এই সময়ছোৱাত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া কেতবোৰ প্ৰতিষ্ঠান কঠোৰ নীতি–নিয়মৰ মাজেৰে খুলিব পাৰিব।
শাক-পাচলিৰ মূল্যৰ ক্ষেত্ৰতো প্ৰশাসনে নিৰ্ধাৰিত কৰিছে মূল্য। নিৰ্ধাৰণ কৰা মূল্যতকৈ অধিক মূল্য ল’ব নোৱাৰিব ব্যৱসায়ীয়ে। আনহাতে সোমবাৰৰ পৰা মহানগৰীত সম্পূৰ্ণ তলাবন্ধত কিছু শিথিলতা প্ৰদান কৰা হৈছে। সোমবাৰৰ পৰা শুকুৰবাৰলৈ ৰাতিপুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা থাকিব গেলামালৰ দোকান।
অৱশ্যে সকলোৱে তলাবন্ধৰ নিয়মসমূহ মানি চলিব লাগিব। গ্লোভচ আৰু মাস্ক পৰিধান কৰিহে দোকানলৈ যাব পাৰিব। (INDIAONLINE)