গুৱাহাটীত সোমবাৰৰ পৰা Y-20ৰ তিনিদিনীয়া বৈঠক আৰম্ভ হব। বৈঠকত দেশ বিদেশৰ ২৫০ গৰাকী প্ৰতিনিধি আৰু অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ ৪০০ গৰাকী ছাত্ৰ-ছাত্ৰীসহ ১,৫০০ গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব। Y-20 ৱে যুৱচামক সমসাময়িক বিষয়বোৰৰ ওপৰত G-20ৰ প্ৰাথমিকতাৰ বিষয়ে তেওঁলোকৰ ধাৰণা আৰু মত প্ৰকাশ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। এই বৈঠকৰ পূৰ্বে ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত Y-20ৰ বিষয়ৰ ওপৰত সভা, আলোচনা, তর্ক, সমদল, কুইজ আৰু চিত্রাঙ্কন প্রতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। Y-20ৰ বিষয়সমূহৰ ভিতৰত আছে– চতুর্থ পৰ্যায়ৰ ঔদ্যোগিক বিকাশ, উদ্ধাৱন আৰু ২১ শতিকা, জলবায়ু পৰিবৰ্তন আৰু দুৰ্যোগৰ বিপদাংশকা হ্রাস, বহনক্ষম জীৱনশৈলী হিচাপে গঢ়ি তোলা, শান্তি নিৰ্মাণ আৰু মিলন, যুদ্ধবিহীন যুগৰ সূচনা, গণতন্ত্ৰ আৰু শাসনত যুৱচাম, স্বাস্থ্য কল্যাণ তথা যুৱক-যুৱতী সকলৰ বাবে ক্রীড়া কাৰ্যসূচী। ২০১২ চনত আৰম্ভ হোৱা বাই -টুৱেণ্টি হৈছে জি-টুৱেন্টি সন্মিলনৰ যুৱ সংস্কৰণ আৰু যুৱক-যুৱতীসকলৰ বাবে জি-টুৱেণ্টিৰ সৈতে জড়িত হোৱাৰ একমাত্ৰ আনুষ্ঠানিক স্বীকৃতি প্রাপ্ত মঞ্চ। ই হৈছে যুৱ নেতাসকলৰ বাবে অন্যতম প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মঞ্চ। ইয়াৰ উপৰি G-20ৰ অধীনৰ আঠোটা বিভাগীয় পৃষ্ঠপোষক গোটৰ ভিতৰত অন্যতম। উল্লেখযোগ্য যে G-20ৰ অধ্যক্ষ ৰাষ্ট্ৰই যুৱ সন্মিলন আয়োজন কৰাৰ দায়িত্ব বহন কৰে। যিটো, সাধাৰণতে পৰম্পৰাগত মঞ্চৰ কিছুসপ্তাহ পূৰ্বে অনুষ্ঠিত কৰা হয়। ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলৰ মনোভাৱ আৰু তেওঁলোকৰ পৰামৰ্শসমূহ নীতি প্ৰস্তাৱত অন্তৰ্ভুক্ত কৰা হয়। ই হৈছে G-20 চৰকাৰ আৰু স্থানীয় যুৱক-যুৱতীসকলৰ মাজত সংযোগ সৃষ্টি কৰাৰ এক প্ৰয়াস। Y-20 বৈঠক অহা ৮ ফেব্ৰুৱাৰীত অন্ত পৰিব। (AIR NEWS)