A part of Indiaonline network empowering local businesses
Chaitra Navratri

গুৱাহাটীৰ বাহিৰে আন অঞ্চলত তলাবন্ধ বিবেচনা কৰা নাই চৰকাৰে

news

গুৱাহাটী: সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে দেশৰ বিভিন্ন ৰাজ্যত বৃদ্ধি কৰা হৈছে তলাবন্ধৰ সময়সীমা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো পুনৰ ১৪ দিনীয়া সম্পূৰ্ণ তলাবন্ধৰ ঘোষণা কৰা হৈছে। 

শুকুৰবাৰে এক সংবাদমেলযোগে দেওবাৰৰ নিশা ১২ বজাৰ পৰা ১৪ দিনীয়া তলাবন্ধ ঘোষণা কৰিছিল। তলাবন্ধক লৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যৰ আন স্থানত চৰকাৰে সম্পূৰ্ণ লক ডাউনৰ সিদ্ধান্ত লোৱা নাই। গুৱাহাটীৰ বাহিৰে আন অঞ্চলত তলাবন্ধ বিবেচনা কৰা নাই চৰকাৰে।

সম্পূৰ্ণ এসপ্তাহ তলাবন্ধ পিছতহে প্ৰয়োজন অনুসৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান খোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। আনহাতে তলাবন্ধ মানি চলিবলৈ ৰাইজক আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

 আনহাতে গুৱাহাটীৰ সমীপৱৰ্তী বৰ্ণিহাট-যোৰাবাট অঞ্চলত সম্পূৰ্ণ লক ডাউন ঘোষণা কৰিছ মেঘালয় চৰকাৰে। বৰ্ণিহাটৰ পৰা যোৰাবাট হৈ খানাপাৰালৈ লক ডাউন ঘোষণা চৰকাৰৰ। (INDIAONLINE)

1388 Days ago