A part of Indiaonline network empowering local businesses
Chaitra Navratri

গ্ৰেট ব্ৰিটেইনত কাম কৰাৰ বাবে ভাৰতৰ যুৱকক ভিছা প্ৰদানত অনুমোদন

News

গ্ৰেট ব্ৰিটেইন চৰকাৰে প্ৰতিবছৰে ভাৰতৰ পৰা ৩ হাজাৰ দক্ষতাশীল যুৱকক দেশখনত কাম কৰাৰ বাবে ভিছা প্ৰদানৰ অনুমোদন জনাইছে। ব্ৰিটেইন চৰকাৰে কৈছে যে বিগত বছৰত ভাৰত আৰু ব্ৰিটেইনৰ মাজত প্ৰৱাসী আৰু গতিশীল অংশীদাৰিত্বৰ বাবে সন্মতিৰ কথা উল্লেখ কৰি চৰকাৰে কৈছে যে ভাৰত এই আঁচনিৰ অধীনত ভিছা পোৱা প্ৰথম দেশ হিচাপে পৰিগণিত হৈছে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কৈছে যে ব্ৰিটেইন আৰু ভাৰতৰ যুৱ দক্ষতাশীল আঁচনিৰ অধীনত ১৮ ৰ পৰা ৩০ বছৰ বয়সৰ ডিগ্ৰীপ্ৰাপ্ত ভাৰতীয় নাগৰিকক ব্ৰিটেইনলৈ অহাৰ অনুমতি দিয়া হৈছে আৰু তেওঁলোকে দেশখনত ২ বছৰৰ বাবে কৰ্মত নিয়োজিত হ’ব পাৰিব।

বালিত অনুষ্ঠিত সপ্তদশ জি-টুৱেণ্টি শীৰ্ষ সন্মিলনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিলিত হোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, ভাৰতৰ বংশোদ্ভৱ হিচাপে প্ৰথমবাৰৰ বাবে যোৱা মাহত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত এয়া দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথম সাক্ষাৎ। (AIR NEWS)

516 Days ago