চলিত খাৰিফ বিপণন বৰ্ষত কালিপৰ্যন্ত ৬৫১ লাখ মেট্ৰিক টনতকৈও অধিক ধান ক্ৰয় কৰা হৈছে। সেই অনুসাৰে যোৱা বছৰৰ একেই সময়ছোৱাৰ তুলনাত ১৫.৯১ শতাংশ অধিক ধান ক্ৰয় কৰা হৈছে। যোৱা বছৰ এই একেই সময়ছোৱাত ৫৬১ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছিল। এইবাৰৰ ক্ৰয় কৰা মুঠ ধানৰ ভিতৰত অকল পঞ্জাৱৰ পৰাই ২০২ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। এই ক্ৰয় প্ৰক্ৰিয়াৰ পৰা ৯৪ লাখ খেতিয়ক উপকৃত হৈছে আৰু তেওঁলোকক নূন্যতম সমৰ্থন মূল্যৰ বাবদ ১ লাখ ২২ হাজাৰ কোটি টকা আদায় দিয়া হৈছে। চৰকাৰে বৰ্তমানৰ নূন্যতম সমৰ্থন মূল্য আঁচনিৰ অধীনত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু-কাশ্মীৰ, কেৰালা, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, কৰ্ণাটক, পশ্চিমবংগ, ত্ৰিপুৰা আৰু অসমত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া সূচাৰুৰূপে চলি আছে। বিভিন্ন ৰাজ্যৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত ২০২০ খাৰিপ বিপণন বৰ্ষত নূন্যতম সমান মূল্যৰ আঁচনিৰ অধীনত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা প্ৰায় ৫২ লাখ মেট্ৰিক টন মাহজাতীয় শস্য আৰু তৈল বীজ ক্ৰয় কৰাৰ প্ৰস্তাৱত অনুমোদন দিয়া হৈছে। আনহাতে, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ পৰা ১ লাখ ২৩ হাজাৰ মেট্ৰিক টন নাৰিকলৰ শুকান সাহ ক্ৰয়ত অনুমোদন জনোৱা হৈছে। ইয়াৰোপৰি ২০২০-২০২১ ৰবি বিপণন বৰ্ষত গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু তামিলনাডুৰ পৰা ২৬ লাখ মেট্ৰিক টনতকৈও অধিক মাহ জাতীয় শস্য আৰু তৈল বীজ ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন দিয়া হৈছে। চৰকাৰে কালিপৰ্যন্ত ইয়াৰ ন’ভেল সংস্থাসমূহৰ মাধ্যমেৰে ৩ লাখ মেট্ৰিক টন মগু, মাহ, ৰহৰ, বাদামৰ ছেঁই আৰু চয়াবিন ক্ৰয় কৰিছে। ইয়াৰ পৰা তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ১ লাখ ৬৭ হাজাৰতকৈও অধিক খেতিয়ক উপকৃত হৈছে আৰু তেওঁলোকক নূন্যতম সমৰ্থন মূল্যৰ বাবদ ১,৬৬৫ কোটি টকা আদায় দিয়া হৈছে। একেদৰে এই সময়ছোৱাত ৫,০৮৯ মেট্ৰেক টন পৰিমাণৰ নাৰিকলৰ শুকান সাহ ক্ৰয় কৰা হৈছে। ইয়াৰ পৰা কৰ্ণাটক আৰু তামিলনাডুৰ ৩,৯৬১ জন খেতিয়ক উপকৃত হৈছে। (AIR NEWS)