অসমৰ বিভিন্ন ডিটেনচন কেম্পত আটক হৈ থকা ৩৫০ জন বিদেশীক চলিত বছৰটোত জামিনত মুকলি কৰি দিয়া হৈছে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ উচ্চতম ন্যায়ালয়ে দুবছৰ ধৰি বন্দী হৈ থকা লোকসকলক নিৰ্ধাৰিত ব্যৱস্থাৰ আধাৰত ৫ হাজাৰ টকাৰ বণ্ড আৰু ভাৰতীয় নাগৰিক হিচাপে দুটা নিশ্চিতি দিব পাৰিলে তেওঁলোকক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল৷ কালি ৰাজ্যসভাত এই সংক্ৰান্তীয় এটা প্ৰশ্নৰ উত্তৰ দি গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে সৰ্বোচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এখন ৰীট আবেদন গ্ৰহণ কৰি এই সংক্ৰান্তত ৰায়দান কৰিছিল৷ (AIR NEWS)