A part of Indiaonline network empowering local businesses
Chaitra Navratri

চলিত মাহত দেশত জি এছ টিৰ অধীনত ১ কোটি ৪৮ লাখ ৯৯৫ কোটিৰো অধিক পৰিমাণৰ ৰাজহ সংগৃহীত

news

চলিত বৰ্ষৰ জুলাই মাহত দেশত জি এছ টিৰ অধীনত ১ কোটি ৪৮ লাখ ৯৯৫ কোটি টকাৰো অধিক পৰিমাণৰ ৰাজহ সংগৃহীত হয়। বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জুলাই মাহত সংগ্ৰহ কৰা জি এছ টিৰ ৰাজহৰ পৰিমাণ বৰ্তমানলৈ দ্বিতীয় সৰ্ববৃহৎ হিচাপে বিবেচিত হৈছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে মাহটোত সংগৃহীত চি জি এছ টিৰ পৰিমাণ ২৫,৭৫১ কোটি টকা, এছ জি এছ টি ৩২,৮০৭ টকা আৰু আই জি এছ টিৰ হাৰ হ’ল ৭৯,৫১৮ কোটি টকা। ইয়াৰ ভিতৰত আমদানি কৰা সামগ্ৰীৰ নামত সংগৃহীত ৪১,৪২০ কোটি টকাও সন্নিৱিষ্ট হৈ আছে। আনহাতে এই সময়ছোৱাত সামগ্ৰী আমদানি কৰাৰ বাবদ সংগ্ৰহ কৰা ৯৯৫ কোটি টকাকে ধৰি ১০,৯২০ কোটি টকাৰ উপকৰ সংগ্ৰহ কৰা হয়। উল্লেখযোগ্যে যে, জি এছ টি প্ৰবৰ্তনৰ পাছৰে পৰা সংগৃহীত ৰাজহৰ এই পৰিমাণ দ্বিতীয় সৰ্ববৃহৎ হিচাপে বিবেচিত হৈছে।
আনহাতে তথ্য অনুসৰি বিগত বৰ্ষৰ একেটা মাহৰ তুলনাত এইবছৰ জুলাই মাহত এই পৰিমাণ আছিল ১,১৬,৩৯৩ কোটি টকা। একেদৰে যোৱা বছৰৰ তুলনাত এই মাহটোত আমদানি কৰা সামগ্ৰীৰ পৰা আহৰণ কৰা ৰাজহৰ হাৰ ৪৮ শতাংশ অধিক হোৱাৰ বিপৰীতে আমদানিকৃত সেৱাৰ ক্ষেত্ৰত এই হাৰ ২২শতাংশৰ অধিক।
একেৰাহে ৫মাহ ধৰি সংগৃহীত জি এছ টিৰ পৰিমাণ ক্ৰমাগতভাৱে স্থিৰ হাৰত বৃদ্ধি পাই থকা বুলি উল্লেখ কৰি বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে প্ৰতি মাহে এই পৰিমাণ ১ লাখ ৪০ কোটি টকাতকৈও অধিক বৃদ্ধি পাই আছে। (AIR NEWS)

626 Days ago