A part of Indiaonline network empowering local businesses
Chaitra Navratri

চিৰাঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ

news

গুৱাহাটী: চিৰাঙত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ। সেনা-আৰক্ষীৰ যুটীয়া অভিযানত চিৰাং বনাঞ্চলত উদ্ধাৰ হৈছে এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ৷ আৰক্ষীৰ লগতে সেনা বাহিনী, এছএছবিৰ তৰফৰ পৰা বাৰদিনীয়া যৌথ অভিযানৰ অন্তত অভিযানকাৰী দলে লাল পাহাৰৰ পৰা ঘন জংঘলত পুতি থোৱা অৱস্থাত জব্দ ভাণ্ডাৰ৷ 

প্ৰাপ্ত তথ্য অনুসৰি জব্দ কৰা অস্ত্ৰ–শস্ত্ৰসমূহৰ ভিতৰত আছে পিষ্টল ৭টা, ৰাইফল ৩টা, গ্ৰেনেড ১৯২টা, আৰপিজি ১৪টা আৰু বহু পৰিমাণৰ সজীৱ গুলী৷ উক্ত অঞ্চলত পূৰ্বে এনডিএফবিৰ শিবিৰ আদি থকাৰ ফলত জব্দকৃত অস্ত্ৰ–শস্ত্ৰখিনি এনডিএফবিৰ বুলি সন্দেহ ব্যক্ত কৰিছে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে৷ 

প্লাষ্টিকৰ সহায়ত গাত খান্দি পুতি থোৱা এই অস্ত্ৰ ভাণ্ডাৰ জিলাখনত দ্বিতীয় বৃহৎ উদ্ধাৰ কাৰ্য বুলি তেওঁ জানিবলৈ দিয়ে৷ কেন্দ্ৰীয় চৰকাৰৰে হোৱা বিটিআৰ চুক্তি মৰ্মে এনডিএফবি আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ পিছত জংঘলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ চিন্তাৰ বিষয় হৈ পৰিছে৷ (INDIAONLINE)

1403 Days ago