A part of Indiaonline network empowering local businesses
Chaitra Navratri

চীন, ইটালীসহ কেইবাখনো দেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ স্বাস্হ্য মন্ত্ৰালয়ৰ আহ্বান

news

কেন্দ্ৰীয় স্বাস্হ্য মন্ত্ৰালয়ে ক’ৰ’ণাভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক চীন, ইটালী, ইৰান, কোৰিয়া, জাপান,ফ্ৰান্স, স্পেইন আৰু জাৰ্মানী ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে অত্যন্ত জৰুৰীনহ’লেবিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। কোবিড-19 সংক্ৰমণৰ বাবে ভ্ৰমণসন্দৰ্ভত নতুনকৈ জাৰি কৰা পৰামৰ্শত মন্ত্ৰালয়ে কৈছে যে সম্প্ৰতি বিশ্বৰ ১০০ খনতকৈওঅধিক দেশলৈ কোবিড-19 সম্প্ৰসাৰিত হোবাৰ বাতৰি পোৱা গৈছে।

সম্প্ৰতি বলবৎ হৈ থকা নিষেধাজ্ঞাৰ উপৰিইটালী আৰি দক্ষিণ কোৰিয়া ভ্ৰমণৰ পৰা অহা লোকসকলে এতিয়া তেওঁলোকৰ দেশৰ স্বাস্হ্যকতৃপক্ষৰ দ্বাৰা অনুমোদিত পৰীক্ষাগাৰৰ পৰা কোবিড-19 মুক্ত বুলি প্ৰমাণ পত্ৰ দাখিলকৰিব লাগিব। স্বাস্হ্য মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি সোমবাৰে মাজনিশাৰ পৰা এইব্যৱস্হা কাৰ্যকৰী হৈছে আৰু ন’বেল ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ নোহোৱালৈকে এইঅস্হায়ী ব্যৱস্হা বলবৎ হৈ থাকিব। ইটালীত থকা ভাৰতীয় দূতাৱাসে লগতে ভাৰতলৈ আহিবখোজা বিদ্যাৰ্থীসকলক অনলাইনযোগে এখন প্ৰপত্ৰ পূৰণ কৰি নিজৰ সবিশেষ দাখিল কৰিবলৈকৈছে। (AIR NEWS)

1500 Days ago