A part of Indiaonline network empowering local businesses
Chaitra Navratri

চীনত ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা দুহেজাৰলৈ বৃদ্ধি

news

চীনত ন’বেলক’ৰ’ণা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা দুহেজাৰলৈ বৃদ্ধি পাইছে। এই মাৰাত্মকভাইৰাছৰ কেন্দ্ৰ হিচাপে চিহ্নিত হুবেই প্ৰদেশত কালি আৰু ১৩২ জন লোকৰ মৃত্যু হয়।হুবেই প্ৰদেশৰ স্বাস্থ্য আয়োগে জনাইছে যে এই ভাইৰাছত আৰু দুহেজাৰ ৬৯৩ জন লোকআক্ৰান্ত হৈছে। ইয়াকে লৈ চীনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৪ হাজাৰলৈ বৃদ্ধিপালে। হুবেই চহৰৰ বাহিৰে অন্য ঠাইসমূহত ভাইৰাছক নিয়ন্ত্ৰণ কৰিব পৰা গৈছে আৰু লাহেলাহে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। দেশখনৰ চৰকাৰী সংবাদমাধ্যমে জনোৱা মতে ৰাষ্ট্ৰপতি শ্বি ঝিনপিঙয়ে কালি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতেটেলিফোনত কথা পাতি জনায় যে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ফলত এই ভাইৰাছনিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পৰা গৈছে। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাইসতৰ্ক কৰি কৈছে যে এতিয়াই ক’ৰ’ণাভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে বুলি দাবী কৰাটো সমীচিন নহয়। (AIR NEWS)

1521 Days ago