A part of Indiaonline network empowering local businesses
Chaitra Navratri

ছিডনীত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত ভাৰতক ৩৭৫ ৰানৰ বিজয় লক্ষ্য অষ্ট্ৰেলিয়াৰ

news

ছিডনীত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত অষ্ট্ৰেলিয়াই ভাৰতক ৩৭৫ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছে। ইয়াৰ পূৰ্ৱে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ছটা উইকেট হেৰুৱাই ৩৭৪ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ এ জে ফিন্সে ১১৪ আৰু স্মিথে ১০৫ ৰান কৰে। ভাৰতৰ হৈ মহম্মদ ছামীয়ে তিনিটাকৈ উইকেট দখল কৰে।
উল্লেখযোগ্য যে, ভাৰতীয় দলটোৱে পৰৱৰ্তী দুটা মাহৰ ভিতৰত অষ্ট্ৰেলিয়াৰ সৈতে ৩খন এদিনীয়া, ৩খন টী-টুৱেণ্টি আৰু ৪খন টেষ্ট মেচ খেলিব। দ্বিতীয়খন এদিনীয়া ২৯ নৱেম্বৰত আৰু তৃতীয় তথা অন্তিম খেলখন ২ ডিচেম্বৰত ছিডনীত অনুষ্ঠিত হ’ব। ৪ ডিচেম্বৰৰ পৰা টী-টুৱেণ্টি আৰম্ভ হ’ব। (AIR NEWS)

1235 Days ago