A part of Indiaonline network empowering local businesses
Chaitra Navratri

জলজীৱন মিছন সম্পূৰ্ণ কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰ

News

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি জলজীৱন মিছন সম্পূৰ্ণ কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰ আৰু ইতিমধ্যে অসমত জলজীৱনৰ ৫০.২৫ শতাংশ কাম সম্পূৰ্ণ হৈছে। বিভাগীয় মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীত এই কথা প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ২০২৪ চনৰ ভিতৰত অসমত জলজীৱন আঁচনিৰ ১০০ শতাংশ কাৰ্যকৰী কৰা হ'ব। ৰাইজৰ সহযোগিতা অবিহনে আঁচনিখন ৰূপায়ণ কৰা সম্ভৱপৰ নহ'ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, আঁচনিখনৰ শিক্ষাৰ্থী তথা মহিলা আত্মসহায়ক গোট ইত্যাদিক ইতিমধ্যে জড়িত কৰোৱা হৈছে আৰু ৰাইজৰ অন্তৰ্ভুক্তিৰ হাৰ বৃদ্ধি কৰিবলৈ এইবাৰ সামাজিক প্ৰচাৰ মাধ্যমত ফটোগ্ৰাফী তথা ৰীলছ আৰু শ্বৰ্টছ প্ৰতিযোগতাৰ আয়োজন কৰা হৈছে। যিকোনো ইচ্ছ্যুক ব্যক্তিয়ে তেওঁলোকৰ অঞ্চলৰ জলজীৱন আঁচনি সম্পৰ্কীয় যিকোনো ফটো বা ৰীলছ দৃশ্যায়ন কৰি এই প্ৰতিযোগিতাত ভাগ ল'ব পাৰিব। কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া এই প্রতিযোগিতা ৩১ জুলাইত অন্ত পৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। প্রতিযোগীসকলে এক মিনিট দৈৰ্ঘ্যৰ ভিডিঅ' নিজৰ সামাজিক প্ৰচাৰ মাধ্যমৰ একাউণ্টত আপলোড কৰি হেছটেগ জে জে এম আছাম উল্লেখ কৰি জলজীৱন মিছনৰ জিলা তথা ৰাজ্যিক সামাজিক প্ৰচাৰ মাধ্যম একাউণ্টৰ সৈতে সংযুক্ত কৰাৰ লগতে মেইল যোগে প্ৰেৰণ কৰিব লাগিব। প্ৰতিখন জিলাত প্রথম তিনিটা স্থান প্রাপকক ক্রমে— ১০ হাজাৰ, ৭ হাজাৰ আৰু ৫ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উল্লেখ কৰে। এই পদক্ষেপৰ জৰিয়তে জলজীৱন মিছনৰ লক্ষ্য-উদ্দেশ্যসমূহৰ প্ৰচাৰত তথা সৰ্বসাধাৰণক ইয়াৰ সৈতে জড়িত কৰাৰ ক্ষেত্ৰত বহুখিনি সফল হ'ব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। (AIR NEWS)

314 Days ago