ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দেওবাৰে জিয়াঢল নদীৰ দুয়োপাৰৰ মথাউৰি সৱলীকৰণৰ উদ্দেশ্যে দুখন আঁচনিৰ অধীনত নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। আঁচনি দুখনৰ অধীনত জিলাখনৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৰৰ থালি চাপৰিলৈ আৰু হলোডোঙাৰ পৰা সাপেখাটিলৈ অঞ্চলসমূহ সামৰি লোৱা হৈছে। নাৱাৰ্ড আৰু এছ অ' পি ডি জি শিতানৰ অধীনত ২০২২-২৩ বৰ্ষৰ বাবে আৱণ্টিত পুঁজি ক্রমে ১৬ কোটি আৰু ১৬ কোটি ৫০ লাখ টকাকে ধৰি মুঠ ৩২ কোটি ৫০ লাখ টকা ব্যয়সাপেক্ষে এই নির্মাণ কার্য সম্পূর্ণ কৰা হ'ব। বিজ্ঞানসন্মতভাৱে মথাউৰি সৱলীকৰণৰ জৰিয়তে জিয়াঢল নৈৰ খহনীয়াৰ পৰা বিস্তীর্ণ অঞ্চল সুৰক্ষিত কৰি ৰখাটো সুনিশ্চিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে । (AIR NEWS)