A part of Indiaonline network empowering local businesses
Chaitra Navratri

টাইৱানৰ নতুন ৰাষ্ট্ৰদূত পদত নিযুক্ত অসম সন্তান গৌৰাঙ্গলাল দাস

news

গুৱাহাটী: টাইৱানৰ নতুন ৰাষ্ট্ৰদূত পদত নিযুক্ত অসমৰ গৌৰাঙ্গলাল দাস। বৰ্তমান আমেৰিকাত থকা ভাৰতীয় দূতবাসত যুটীয়া সচিব হিচাবে কৰ্মৰত হৈ থকা দাস ১৯৯৯ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া। এই সুখবৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।  

এইগৰাকী সুযোগ্য সন্তানে ১৯৯১ চনত মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল আৰু ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল। উচ্চতৰ মাধ্যমিক পৰীক্ষাতো দাসে কটন কলেজৰ পৰা বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত অত্যন্ত মেধাৱী দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক আৰু স্কুল অব ইক’নমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।  

উল্লেখযোগ্য যে ২০১৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সাক্ষাৎত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল দাসে। (INDIAONLINE)

1375 Days ago