মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আয়াৰলেণ্ডে ইংলেণ্ডৰ বিৰুদ্ধে ৫ ৰানত জয়লাভ কৰিছে। খেলখনত আয়াৰলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত ১৫৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ডাৰ্ক লিৱিছ পদ্ধতিৰে হোৱা খেলখনত ইংলেণ্ডে ১৪ অভাৰ আৰু ৩ টা বলত ৫ টা উইকেট হেৰুৱাই ১০৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ৪৭ টা বলত ৬২ ৰান সংগ্ৰহ কৰা আয়াৰলেণ্ডৰ এন ডি বালবাৰ্নিক প্লে অৱ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। উল্লেখ্য যে আজিৰ খেলত অংশগ্ৰহণ কৰা দুয়োটা দলেই ছুপাৰ ১২ পৰ্যায়ৰ প্ৰথমটো গোটৰ সদস্য। (AIR NEWS)