A part of Indiaonline network empowering local businesses
Chaitra Navratri

ট্ৰাম্পৰ ভাৰত ভ্ৰমণ ঐতিহাসিক- মোদী

News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভ্ৰমণক ঐতিহাসিক বুলিঅভিহিত কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ প্ৰায় ৩৬ ঘণ্টা জোৰা ভ্ৰমণ সামৰিযোৱানিশা স্বদেশলৈ বুলি ৰাওনা হয়। এই ভ্ৰমণৰ বাবে শ্ৰীট্ৰাম্পক ধন্যবাদ জনাইপ্ৰধানমন্ত্ৰী মোদীয়ে এলানি টুইট যোগে কয় যে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবেদুয়োগৰাকী নেতাই বিস্তৃত বিষয় লৈ আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰুআমেৰিকাৰ মাজৰ বন্ধুত্বৰ পৰা দুয়ো দেশৰ জনসাধাৰণৰ লগতে সমগ্ৰ বিশ্ব উপকৃত হৈছে।ডনাল্ড ট্ৰাম্প আৰু মেলানিয়া ট্ৰাম্পে ভাৰতৰ সংস্কৃতি আৰু আতিথ্যৰ বিভিন্ন দিশপ্ৰত্যক্ষ কৰাৰ বাবে তেওঁ সুখী অনুভৱ কৰিছে বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয়যে ভাৰতৰ জনসাধাৰণে তেওঁলোকক উষ্ম আদৰণি জনাইছিল। ইয়াৰ পূৰ্বে যোৱানিশা ৰাষ্ট্ৰপতিৰামনাথ কোবিন্দে ডনাল্ড ট্ৰাম্পৰ দুদিনীয়া ভাৰত ভ্ৰমণৰ অন্তিমটো কাৰ্যসূচীতৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰ আয়োজন কৰিছিল। এই নৈশ ভোজত উপ-ৰাষ্ট্ৰপতি এম. ভেংকায়ানাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাগৰাকী কেন্দ্ৰয় মন্ত্ৰী, অসম, হাৰিয়ানা,কৰ্ণাটক আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰীসকলৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়েঅংশগ্ৰহণ কৰে। (AIR NEWS)

1514 Days ago