A part of Indiaonline network empowering local businesses
Chaitra Navratri

তামিলনাডুৰ পথ দুৰ্ঘটনাত ২০জন নিহত

news

তামিলনাডুৰ তিৰুপুৰৰ সমীপৰ অবিনাশীত বৃহস্পতিবাৰে পুৱা হোৱাএটা পথ দুৰ্ঘটনাত ২০জন লোকে অন্য ২৩জন আহত হয়। আহতসকলৰ ভিতৰত কেইজনমানৰ অৱস্থাসংকটজনক বুলি কোৱা হৈছে। কেৰালা পৰিবহণ নিগমৰ এই বাছখনত মুঠ ৪৮জন যাত্ৰী আছিল।বাংগালুৰুৰ পৰা এৰ্নাকুলাম অভিমুখে গৈ থকা অৱস্থাত বাছখনে কেৰালাৰ পৰা ছালেমঅভিমুখে আহি থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে এই অঘটনতো ঘটে। দুৰ্ঘটনাৰ ঠিক পাছতেঅগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু যাত্ৰীসকলক উদ্ধাৰ কৰিচিকিৎসালয়ত ভৰ্তি কৰায়। ইতিমধ্যে শৱদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবেপ্ৰেৰণ কৰা হৈছে। এই দুৰ্ঘটনাত ট্ৰাকখনৰ চালকজনো নিহত হোৱা বুলি জানিব পৰা গৈছে।তিৰুপুৰৰ জিলাধিপতি বিজয় কাৰ্তিকেয়ানে সাংবাদিকৰ আগত কয় যে কেৰালাক ইতিমধ্যে এইদুৰ্ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে আৰু কেৰালা প্ৰশাসনে এটা বিশেষ দল তিৰুপুৰলৈ প্ৰেৰণকৰিছে। (AIR NEWS)

1516 Days ago