A part of Indiaonline network empowering local businesses
Chaitra Navratri

তিনিচুকীয়া ১০০টা স্থানত এমহীয়া ফুটবল প্রশিক্ষণ

news

তিনিচুকীয়া: ক’ৰণা ভাইৰাছে সমগ্ৰ ৰাজ্যতে ভয়াৱহভাৱে সংক্ৰমিত হৈছে যদিও শেহতীয়াকৈ পৰিস্থিতি কিছু স্বাভাৱিক হোৱা পৰিলক্ষিত হৈছে। তিনিচুকীয়া জিলাৰ আগশাৰীৰ ক্রীড়াপ্রেমীক লৈ জন্মলাভ কৰা বদৌচা স্প’র্টছ ক্লাবে বিগত ৪ আগষ্টৰ পৰা জিলাখনৰ বিভিন্ন ১০০টা স্থানত এমহীয়া ফুটবল প্রশিক্ষণ আৰম্ভ কৰিছে৷ 

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ডুমডুমা, কাকপথাৰত সদৌ মৰাণ ছাত্র সন্থাৰ উদ্যোগত জন্মলাভ কৰা, বদৌচা কাপ আন্তঃৰাষ্ট্রীয় ফুটবল প্রতিযোগিতাখনে ১১টা বছৰ অতিক্রম কৰি চলিত বর্ষত দ্বাদশ বর্ষত ভৰি দিছেহি৷ সমগ্র বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা ভাইৰাছৰ ভয়াৱহ ৰূপৰ বাবে এইবছৰ প্রতিযোগিতাখনো স্থগিত হৈ আছে৷ 

বিগত সময়ছোৱাত সমগ্র অসমৰ ৰাইজে খেল উপভোগ কৰিবলৈ হিলদল ভাঙি অহাৰ লগতে  বদৌচা কাপ ফুটবলৰ জৰিয়তে বহু ভিতৰুৱা অঞ্চলৰ সম্ভাৱনাপূর্ণ খেলুৱৈসকলৰ মনত এক আশাৰ ৰেঙনি সঞ্চাৰ হয়৷

জিলাখনৰ দিয়ামুলি, দৈমুখীয়া, কাকপথাৰ, টঙনা, ডিৰাক চাৰিআলি, কুমচাং, টিংৰাই, মাকুম, লাংকাচি, ডিমৰুহোলা, মামৰণি, লক্ষ্মীপথাৰ, বেতজান, হাপজান, বৰডিৰাক, ফিল’বাৰী আৰু বালিজান মুঠ ১৮ স্থানত প্ৰশিক্ষণ অনুস্থিত হৈছে৷ প্রশিক্ষণৰ লগতে জিলাখনত এক ফুটবলৰ পৰিৱেশ সৃষ্টিৰ বাবে বাৰেকুৰি অঞ্চলৰ ন-মটাপুং, দীঘলসাঁকো, কমলপুৰৰ লগতে বিভিন্ন অঞ্চলত ফুটবলো বিতৰণ কৰিছে৷ (INDIAONLINE)

1345 Days ago