A part of Indiaonline network empowering local businesses
Chaitra Navratri

তিনিচুকীয়াৰ সাংবাদিক হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ

news

তিনিচুকীয়া: তিনিচুকীয়াৰ সাংবাদিক হত্যাৰ ঘটনাত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষী৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত চলা তাৎক্ষণিক তদন্তত সাংবাদিক বিজনদ্বীপ তাঁতীৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

তিনিচুকীয়াৰ ফিল’বাৰী পুৰণা বজাৰৰ এগৰাকী যুৱতীয়ে হত্যা কৰিছিল সাংবাদিকজনক। শনিবাৰে ন-পুখুৰীৰ কাৰ্যালয়ত মৃত সাংবাদিক গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতেই আৰক্ষীয়ে বিশেষ ক্লু লাভ কৰি সন্ধিয়াই ফিল’বাৰীৰ পৰা অভিযুক্ত যুৱতীগৰাকীৰ লগতে ভগ্নীক আটক কৰি মাৰাথন জেৰা চলোৱাত হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা স্বীকাৰ কৰে অভিযুক্ত যুৱতীগৰাকীয়ে।

প্ৰাপ্ত তথ্য অনুসৰি ৬ আগষ্টত সাংবাদিকগৰাকীৰ কাৰ্যালয়লৈ আহি নিশা এডাল কেবলেৰে ডিঙিত মেৰিয়াই বিজনদ্বীপ তাঁতীক হত্যা কৰিছিল অভিযুক্ত যুৱতীগৰাকীয়ে। ইতিমধ্যে জেৰাৰ অন্তত অভিযুক্ত যুৱতীগৰাকীক পাঁচ দিনৰ বাবে আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আনহাতে হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা শেষ হোৱা দিশে গতি কৰা বুলি দেওবাৰে তিনিচুকীয়া সদৰ থানাত এক সংবাদমেল সম্বোধন কৰি স্পষ্ট কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিয়ে৷ (INDIAONLINE)

1348 Days ago