নিৰ্বাচন আয়োগে আজি দেশৰ তিনিটা লোকসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। মধ্যপ্ৰদেশৰ খাণ্ডৱা, হিমাচল প্ৰদেশৰ মণ্ডি আৰু দাদ্ৰা নগৰ হাভেলী লোকসভা সমষ্টিৰ বাবে অহা ৩০ অক্টোবৰত উপ-নিৰ্বাচন সম্পন্ন হ’ব।
একে সময়তে দেশৰ ১৪ খন ৰাজ্যৰ মুঠ ৩০ টা বিধান সভা সমষ্টিৰ বাবেও উপ-নিৰ্বাচনৰ আয়োজনৰ বিষয়ে নিৰ্বাচন আয়োগে জানিবলৈ দিছে। অসমৰ পাঁচখন, পশ্চিম বংগৰ চাৰিখন, মেঘালয়, মধ্য প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ তিনিখনকৈ, ৰাজস্থান, বিহাৰ আৰু কৰ্ণাটকৰ দুখনকৈ আৰু মিজোৰাম, নাগালেণ্ড, অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ এখনকৈ আসনৰ বাবে উপ-নিৰ্বাচন সম্পন্ন হ’ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিছে।
উল্লেখযোগ্য যে অসমত উপ-নিৰ্বাচন হ’বলগীয়া বিধানসভা সমষ্টিকেইটা হ’ল- গোসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা। এই উপ-নিৰ্বাচনৰ বাবে অহা ১ অক্টোবৰত অধিসূচনা জাৰি কৰাৰ লগতে ৮ অক্টোবৰ পৰ্যন্ত মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হ’ব। মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ দিন ১১ অক্টোবৰ আৰু ১৬ অক্টোবৰ হ’ব মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। অহা ৩০ অক্টোবৰত হ’বলগীয়া এই উপ-নিৰ্বাচনৰ ভোটগণনা ২ নৱেম্বৰত সম্পন্ন হ’ব।
আনহাতে অসমৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱালে আজি আনুষ্ঠানিকভাৱে মাজুলী সমষ্টিৰ বিধায়কৰ পদ ত্যাগ কৰে। ইয়াৰ ফলত বিধানসভা সমষ্টিটোৰ উপ-নিৰ্বাচনৰ পথ প্ৰশস্ত হ’ল। (AIR NEWS)