A part of Indiaonline network empowering local businesses
Chaitra Navratri

তিনিদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কাইলৈ স্বদেশৰ পৰা ৰাওনা হ’ব

news

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কাইলৈ, জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্সৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ’ব। চলিত বৰ্ষত এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথমটো বিদেশ ভ্ৰমণ হ’ব। এই ভ্ৰমণ প্ৰথম পৰ্যায়ত বাৰিলনত কৰা ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী জাৰ্মানীৰ চেঞ্চেলৰ অলভ-ছোলজৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাই লগতে ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকৰ ষষ্ঠ সংস্কৰণত সহঃঅধ্যক্ষতা কৰিব। এই বৈঠকত দুয়োখন দেশৰ কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। যোৱা বছৰৰ ডিচেম্বৰত ক্ষমতালৈ অহা জাৰ্মানীৰ নতুন চৰকাৰখনৰ সৈতে শ্ৰীমোডীৰ এয়া প্ৰথমখন বৈঠক হ’ব। এই ভ্ৰমণৰ সৈতে শ্ৰীমোডীৰ এয়া প্ৰথমখন বৈঠক হ’ব। এই ভ্ৰমণ সময়চোৱাত প্ৰধানমন্ত্ৰী আৰু চেঞ্চেলৰ ছোলজে এটা ব্যৱসায়িক অনুষ্ঠানক যুটীয়াভাৱে সম্বোধন কৰিব। শ্ৰীমোডীয়ে জাৰ্মানীত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত-বিনিময় কৰিব।
এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমোডীক ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডৰিকছনৰ আমন্ত্ৰণমৰ্মে কপেনহেগত উপস্থিত হ’ব। তাত তেওঁ দ্বিতীয় ভাৰত-নৰ্ডিক সন্মিলনত ভাগ লব। তেওঁ প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছনৰ লগতে দেশখনৰ ৰাণী মাৰ্গ্ৰেট দ্বিতীয়ৰ সৈতে আলোচনাত মিলিত হ’ব। ডেনমাৰ্ক ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত-ডেনমাৰ্ক ব্যৱসায় মঞ্চৰ বৈঠকত অংশগ্ৰহণ কৰিব আৰু দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰিব।
দ্বিতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ সময়ত শ্ৰীমোডীয়ে আইচলেণ্ড, নৰৱে, ছুইডেন আৰু ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে মত-বিনিময় কৰিব।
ইউৰোপত কৰা ভ্ৰমণক অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাজধানী পেৰিচত কিছুসময় কটাব আৰু দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাঁক্ৰক সাক্ষাৎ কৰিব। ভাৰত আৰু ফ্ৰান্সে এই বছৰ দুয়ো দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ সংখ্যক বৰ্ষ উদযাপন কৰিছে। (AIR NEWS)

718 Days ago