A part of Indiaonline network empowering local businesses
Chaitra Navratri

দশম, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ১-১৫ জুলাইলৈ অনুস্থিত কৰাৰ সিদ্ধান্ত চিবিএছইৰ

news

গুৱাহাটী: সমগ্ৰ দেশত ঘোষণা কৰা তলাবন্ধৰ ফলত শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল। চলিত শিক্ষা বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাসমূহ জুলাই মাহৰ ১ তাৰিখৰ পৰা ১৫ তাৰিখলৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

মহামাৰী ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধ ব‍্যৱস্থা হিচাপে সমগ্ৰ দেশত ঘোষণা কৰা তলাবন্ধৰ ফলত পৰীক্ষাসমূহ পিছুৱাই দিয়া হয়। তলাবন্ধৰ ফলত চিবিএছইৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে চুড়ান্ত পৰীক্ষাৰ কেইটামান বিষয়ৰ পৰীক্ষা দিব নোৱাৰিলে। পুনৰ পৰীক্ষা অনুষ্ঠিত হ'লে তেওঁলোকে সেই বিষয়ৰ পৰীক্ষাসমূহ দিব লাগিব। (INDIAONLINE)

1440 Days ago