সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাগত বলিদানৰ উৎসৱ ঈদ্দোজ্জোহা পালন কৰা হৈছে। এই উপলক্ষে ঈদগাহ আৰু মছজিদসমূহত সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে। আল্লাৰ আদেশ মানি নিজ পুত্ৰক বলি দিয়া হজৰত ইব্ৰাহীমৰ প্ৰতি সন্মান জনাই এই উৎসৱ পালন কৰা হয়। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি জনকল্যাণমূলক কাম কৰিবলৈ সকলোকে আহ্বান জনায়। (AIR NEWS)