সমগ্ৰ দেশতে আজি স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে কয় যে স্বামী বিবেকানন্দৰ ভাবধাৰা আৰু কাৰ্যই ভাৰতৰ সংস্কৃতি আৰু মূল্যবোধ সৰ্বশ্ৰেষ্ঠৰূপত প্ৰতিফলিত কৰিছিল। শ্ৰীমোদীয়ে কয় যে স্বামী বিবেকানন্দৰ ভাৰতীয় যুৱক-যুৱতীসকলৰ ওপৰত সম্পূৰ্ণ আস্থা আছিল।
ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও স্বামী বিবেকানন্দলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এটা টুইট বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বামী বিবেকানন্দই ভাৰতীয় জ্ঞান, সংস্কৃতি আৰু আদৰ্শক বিশ্বত জনপ্ৰিয় কৰি তুলিছিল। তেওঁ লগতে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে দেশবাসীক ওলগ জনায় (AIR NEWS)