A part of Indiaonline network empowering local businesses
Chaitra Navratri

দেশত কোৱিড-19 আৰোগ্যৰ হাৰ ৯৭.২৫ শতাংশ

news

দেশত বৰ্তমান এক কোটি ২১ লাখ ৬৫ হাজাৰ ৫৯৮ গৰাকী হিতাধিকাৰীক কোৱিড-19ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত বৰ্তমান কোৱিড-19ৰ পৰা আৰোগ্যৰ হাৰ ৯৭.২৫ শতাংশ। যোৱা ২৪ ঘণ্টাত ১৪ হাজাৰ ৩৭ গৰাকী লোকে আৰোগ্য লাভ কৰাত বৰ্তমানলৈ দেশৰ মুঠ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ১ কোটি ৭ লাখ ২৬ হাজাৰ ৭০২ লৈ বৃদ্ধি পাইছে। আনহাতে, যোৱা ২৪ ঘণ্টাত ১৩ হাজাৰ ৭৪২ জন নতুনকৈ কোৱিডত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে দেশত কোৱিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১ কোটি ১০ লাখ ৩০ হাজাৰ ১৭৬লৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত এই ৰোগত আক্ৰান্ত হৈ ১০৪ জন লোকৰ মৃত্যু হৈছে। 

        স্বাস্থ্য সচিৱ ৰাজেশ ভূষণে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই ৫০ বছৰৰ ঊৰ্ধ্বৰ লোকসকলক অন্তৰ্ভুক্ত কৰি প্ৰাথমিকতাপ্ৰাপ্ত গোটৰ তৃতীয় শ্ৰেণীলৈ কোৱিড-19 প্ৰতিষেধক প্ৰদান কৰিব। তেওঁ কয় যে চৰকাৰে প্ৰতিষেধক প্ৰদান অভিযানৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বৃহৎ সংখ্যক ব্যক্তিগত চিকিৎসালয়ৰ সেৱা ব্যৱহাৰ কৰিব। তেওঁ কয় যে বৰ্তমান হিতাধিকাৰীৰ কোৱিড-19ৰ প্ৰতিষেধক প্ৰধান কৰাৰ বাবে গড়ে ১০ হাজাৰখন চিকিৎসালয় ব্যৱহাৰ কৰা হৈছে আৰু এই চিকিৎসালয়সমূহৰ ২ হাজাৰখন চিকিৎসালয় ব্যক্তিগত খণ্ডৰ। নিটি আয়োগৰ সদস্য ডা৹ ভি কে পলে কয় যে ব্ৰিটেইনত দেখা উৎপৰিৱৰ্তিত ৰূপে ১৮৭ গৰাকী লোকৰ দেহত ধৰা পৰাৰ লগতে দক্ষিণ আফ্ৰিকাত দেখা দিয়া উৎপৰিৱৰ্তিত ৰূপ ৬ গৰাকী আৰু ব্ৰাজিলত দেখা দিয়া উৎপৰিৱৰ্তিত ৰূপ এজন লোকৰ দেহত ধৰা পৰিছে। (AIR NEWS)

1149 Days ago