A part of Indiaonline network empowering local businesses
Chaitra Navratri

দেশত কোৱিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ ৭৭ দশমিক ০-৯ শতাংশলৈ বৃদ্ধি

news

দেশত বিগত ২৪ ঘণ্টাত ৬৮ হাজাৰ ৫৮৪ কোৱিড ৰোগীয়ে আৰোগ্য লাভ কৰি দেশত এদিনত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা সৰ্বাধিক হৈছে। দেশত আৰোগ্য লাভ কৰাৰ হাৰ ৭৭ দশমিক ০-৯ শতাংশলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে প্ৰায় ৩০ লাখ লোকে কোৱিড -১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে কৈছে একেৰাহে দেশত আৰোগ্য লাভ কৰাৰ হাৰ বৃদ্ধিৰ বাবে দেশত মুঠ চিকিৎসাধীন লোকৰ সংখ্যা ২১ দশমিক ১-৬ শতাংশ হৈছে। আৰোগ্য হোৱা লোক আক্ৰান্ত লোকতকৈ ৩ দশমিক ৬ গুণলৈ বৃদ্ধি পাইছে। মন্ত্ৰ্যালয়ে কৈছে জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা ছেপ্তেম্বৰ মাহৰ এই সপ্তাহলৈকে দেশত ৪ গুণতকৈ অধিক ৰোগী আৰোগ্য হৈছে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰীক্ষণ, চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ সফল ৰূপায়ণৰ বাবে দেশত আৰোগ্যৰ হাৰ বৃদ্ধি হৈছে আৰু মৃত্যুৰ হাৰ কমিছে। বৰ্তমান ভাৰতত মৃত্যুৰ হাৰ ১ দশমিক ৭-৫ শতাংশ। ব্যক্তিগত ২৪ ঘণ্টাত ৮৩ হাজাৰ ৮৮৩ জন লোক নতুনকৈ আক্ৰান্ত হোৱাত দেশত আক্ৰান্তৰ মুঠ সংখ্যা ৩৮ লাখ ৫৩ হাজাৰ ৪০৭ হৈছে। মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰ প্ৰদেশত বিগত ২৪ ঘণ্টাত ৫০ শতাংশৰো অধিক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। বৰ্তমান দেশত আক্ৰান্ত লোকৰ সংখ্যা ৮ লাখ ১৫ হাজাৰ ৫৩৮ হৈছে। বিগত ২৪ ঘণ্টাত এহেজাৰ ৪৩ জন লোক মৃত্যু হোৱাত দেশত এই সংখ্যা বৃদ্ধি হৈ ৬৭ হাজাৰ ৩৭৬ হৈছে। (AIR NEWS)

1323 Days ago